সমললৈ যাওক

পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/১৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(১২৭)


ছাৰা সৰ্ব্বকাম৷
বোলা ৰাম ৰাম॥

ভটীমা ৷

হৰি ৰাম হৰি ৰাম হৰি বিনে নাহি আন।
ব্রহ্মা মহেশ্বৰ যাহাৰ কিঙ্কৰ লৈলো তান পদ শৰণ॥
নানা অৱতাৰ ধৰি ভকতৰ
তাৰল্ল দুষখ সংহৰি।
ইন্দ্র স্থাপল্ল বলিক চলন্ন
বামন ৰূপক ধৰি॥
সােহি নাৰায়ণ ভক্তৰ কাৰণ
অৱনীতে অৱতাৰ।
হৰিগুৰু ৰূপে ভক্তগণ কৃপে
কৰিলা ধৰ্ম্ম প্ৰচাৰ॥
ৰূপ বিতােপন কহিবো শােভন
যেন কেতকীৰ পাঁহি।
অতি সুকোমল পদ্ম সমতুল
মুখে মন্দ মন্দ হাসি॥
নাসা তিল ফুল  অধৰ ৰাতুল
দন্ত মুকুতাৰ পান্তি।
চৰণ দুখানি  ৰাতুল বৰণ
নখচন্দ্র কৰে কান্তি॥
দেবাঙ্গ ভুষিত ৰূপ মনােনীত
দেখি মনােহৰ বেশ।