পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১২০)

তাহান ভাৰ্য্যক চাই বচন বুলিলা পাছে
বস্ত্ৰ আনি আছোঁ বহুধনে॥
আমাৰ বচনে প্ৰিয়া শীঘ্ৰ কৰি আমি দিয়া
মন অভিলাষ দূৰ হৌক।
স্বামীৰ শুনিয়া বাণী তেতিক্ষণে দিলা আমি
কতক্ষণ লভিলা সুখক॥
মৃত্যুৰ সময় ভৈলা গাৱ হন্তে কাঢ়ি লৈলা
থানেশ্বৰে আছন্ত দেখিয়া।
টিকৰ স্বামীত কৰি বস্ত্ৰখান ভৈলা বৰ
কিনো মোৰ নিদাৰুণ মায়া॥
এহি বুলি দ্বিজবৰ অঙ্গীকাৰ দৃঢ়তৰ
কৰিলন্ত গুৰুক সুমৰি।
ইতো কাল দুষ্ট মায়া জীৱৰ বদ্ধক কায়া
নচাওঁ তান মুখ আজি ধৰি॥
আত অনন্তৰে দ্বিজে প্ৰবেশিলা বনমাজে
গুৰুৰ পদ্মক ধৰি মনে।
নিজ মন্ত্ৰ যাপ্য কৰি হৃদয়ত স্থাপ্য কৰি
প্ৰজটি ফুৰন্ত বনে বনে॥
নষ্ট বিষয়ৰ কাম বোলোঁ আগে সেহি নাম
ভৈলা তান লোকত সম্প্ৰতি।
থানেশ্বৰ উদাৰৰ সম্বৰোহোঁ কথা যত
এহি মানে ভৈলা সমাপতি॥
শুনা সভাসদ সব গুৰুৰ চৰিত্ৰ পদ
তিলমাত্ৰ নেৰিবাহা মনে।
গুৰুক এৰিলেহে জানা আপুনি হৈবাহা নষ্ট
আকে জানি স্মৰা সৰ্ব্বজনে॥