পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/১২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১২১ )

গুৰু সত্য হেনজানি নেৰিবাহা একো প্ৰাণী
সংসাৰত গুৰুহে ঈশ্বৰ।
হৰিদেৱ যিতো দাস তাহাৰ পদত ধৰি
দিবাকৰে ৰচিলা পয়াৰ॥
আমি মহা দ্বিজ জাতি নজানোঁ ভকতি স্তুতি
নজানোহোঁ আমি আৰ তত্ত্ব।
তথাপি গুৰুৰ ইতো ৰহস্য চৰিত্ৰ শুনি
মোৰ দোষ ক্ষমা সাধু যত॥
আত বঢ়া টুটা য’ত হুয়া আছে দোষ মোৰ
তাক ক্ষমা কৰা নিৰন্তৰ।
মোক মূৰ্খ হেন জানি  নুবুলিবা নিন্দ বাণী
কৰযোড়ে বোলোঁ হেৰা আৰ॥
আহি দুষ্টগণে আসি  আমাক কৰয় নিন্দা
কিনো মোৰ ঈশ্বৰ প্ৰসন্ন।
অনাদি জন্মৰ মোৰ  আছে যত পাপ ঘোৰ
হবিয়া নিবেক তেতিক্ষণ॥
ইকথা থাকোক এথা  শুনাইতো কৃষ্ণ কথা
নেৰিবাহা তাহাৰ ভকতি।
হৰিক কৰিয়ো ধ্যান  হৰিনাম মহা ধন
জানি হৰি নেৰিবা সম্প্ৰতি॥
হৰি বিনে পৰিত্ৰাণ  পৰলোকে নাহি আন
নাহি নাহি গুণি চোৱা মনে।
তান ৰূপ হৃদি ধৰি  দুৰ্ঘোৰ কলিত তৰি
সৰ্ব্বক্ষণে ঘুষিয়ো যতনে॥
এহি কথা সাৰ কৰি  বিষয়ক পৰি হৰি
সঘনে ঘুষিয়ো ৰাম ৰাম।

১৬