পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/১২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১১৯)

যিতো পূৰ্ণ ব্ৰহ্মহৰি নৰৰূপে অবতৰি
লোকক তাৰিলা কৃপাময়।
তাঙ্ক গুৰু পাওঁ আমি খেদ দুঃখ এৰা তুমি
তান ৰূপ চিন্ত মহাশয়॥
উদাৰৰ শুনি বাণী থানেশ্বৰ মহামাণী
উঠিয়া বসিলা তান আগে।
তাহান পাৱত ধৰি শিৰে নমস্কাৰ কৰি
বুলিবে লাগিলা মহাভাগে॥
শুনিয়ো উদাৰ বাপ গুচাইলাহা ই তাপ
কিনো কৃপা কৰিলাহা মোক।
তোমাৰ সঙ্গক পাই ভৈলোঁ কৃত্য কৃত্য মই
গুচিল সকলে মোৰ শোক॥
গুৰুৰ অমৃত বাণী পিয়াইলন্ত মহামাণী
তৃপিতি লভিলোঁ বহুতৰ।
মন ক্লেশ দূৰ গৈলা পৰম নিৰ্ম্মল ভৈলা
মেঘ মুক্ত চন্দ্ৰ আকাশৰ॥
এহিমতে দুয়োজন আছিলন্ত বহুদিন
গুৰুৰ চৰিত্ৰ কৰি পাণ।
থানেশ্বৰে উদাৰত  মেলানি মাগিয়া গৈলা
সন্ত ভূষণৰ নিজস্থান॥
গুৰু বাক্য শিৰে ধৰি ভাগৱত বাখ্যা কৰি
শুনাৱন্ত সন্তক সদাই।
এহিমতে কতদিন থানেশ্বৰ উদাসীন
আছিলন্ত তহিত দুনাই॥
আত অনন্তৰে পাছে  সন্তৰ মৃত্যুৰ কাল
আসিয়া মিলিলা তেতিক্ষণে৷