পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/১২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ছবি।

শুনা সমাজিক চয় অপৰ ৰহস্য কথা
থানেশ্বৰ ভৈলন্ত যিমত।
গুৰুৰ বৈকুণ্ঠ পাছে পয়াণ শুনিয়া দ্বিজে
চেতন গুছিলা তাৰ গাত॥
হা গুৰু বাপ মোক এৰি গৈলা প্ৰভু কৈক
কিনো মোৰ ভৈলা বিধি বাম।
নেদেখিলোঁ পূৰ্ণ মুখ নতৰিলোঁ মৃত্যু দুঃখ
যম ঘৰে যাওঁ ইতো কাম॥
কমল মুখৰ ৰাণী নলৈলোহোঁ কিছু আমি,
কিনো মোৰ অভাগ্য কপাল।
পূৰ্ব্বত কৰিছোঁ পাপ হৃদয়ত জ্বলে তাপ
ইতো দোষে বঞ্চিলে গোপাল॥
কত জন্মে পুণ্য কৰি পাইলোঁহোঁপূৰ্ণ হৰি
হৰুৱাইলোঁ কিনো মন্দচিত্ত।
ৰাতুৰ পাৱৰ ধুলি নপাইলোঁ লইবাক তুলি
ইতো শোক জ্বলে হৃদয়ত॥
এহি বুলি থানেশ্বৰ অচেতন ভৈলা বৰ
গুৰুৰ বিয়োগ শোক পাই।
বৃক্ষ তৃণ আছে যৈত  গুৰুময় দেখে তৈত
যেন ভৈলা বাতুল পৰাই॥
উদাৰে আছন্ত দেখি সলোতক ভৈলা আখি
প্ৰেমে ভৈল গদ্‌গদ্ মাত।
মুছি পাছে আখি মুখ থানেশ্বৰ এৰা দুঃখ
মহন্তৰ শোক নাহি আত॥