পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১১৬)

এহি বুলি পাছে দিলেক বিদায়
তাসম্বাক দেৱ হৰি॥
প্ৰভুক সাদৰি নমস্কাৰ কৰি
গৈলা সবে নিজ স্থান।
আজ অনন্তৰে যেন কথা ভৈলা
শুনা তাক বিদ্যমান॥
এহিমতে হৰি দিব্য ৰূপ ধৰি
যোগাসনে বসি আছে।
সূৰ্য্যসম জাতি দেহাকৰে কান্তি
ভক্ত সব আছে কাছে॥
সেহি খেলা আসি অমাবস্যা তিথি
মিলিলা জেঠৰ মাসে।
বৈকুণ্ঠৰ পৰা পাৰিষদ আসি
বিমান সমে প্ৰকাশে॥
আকাশত থাকি নানা দিব্য় বাদ্য
বাৱে আনন্দত বেঢ়ি।
ব্ৰহ্মক সমধি মুৰ্দ্ধাস্ফুট কৰি
এৰে নৰকায়া হৰি॥
বিমানে চৰিয়া দিব্যৰূপ ধৰে
কৌটি সূৰ্য্য নহে সৰি।
হিয়াত শ্ৰীবৎস কণ্ঠত কৌস্তুভ
বৈকুণ্ঠক গৈলা হৰি॥
এহিমতে প্ৰভু মনুষ্য শৰীৰ
এৰিয়া বৈকুণ্ঠে গৈলা।
প্ৰভুৰ মহিমা কোনে বুঝিবেক
দেখাইলা মনুষ্য লীলা॥