পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/১১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১১৫)

গুৰুৰ আদেশ কহিলা সবাতো
তাহান সব বৃতান্ত।
শুনি সাধুসবে আথ বেথ কৰি
শীঘ্ৰ বেগে চলিযান্ত॥
মানেৰীক পাই দেখিলা গোসাঁই
তিনি জগতৰ পতি।
কুশৰ উপৰি যোগাসন ধৰি
প্ৰকাশে বিমল জ্যোতি॥
সেহি সময়ত প্ৰভু চৰণত
কৰিলা স্তুতি বিস্তৰ।
পদ বন্ধে তাক কহন্তে আৱৰ
বাহুল্যক আছে ডৰ॥
পাছে হৰিদেৱে উৎসব পাতিলা
আসিলা লোক বিস্তৰ।
সবাহাঙ্কে পাছে মাতিলা গোসাঁই
বচন শুনিয়ো মোৰ॥
মোহৰ দুহিতা ভুবন ঈশ্বৰী
মালাক দিলোঁ শিৰত।
শুদ্ধ সত্য ধৰ্ম্ম মোৰ ভক্তি দিয়া
থৈলোঁ জানা মানেৰীত॥
মোৰ সম দেখি থাকিবা সদায়
এৰিও মনে সংশয়।
তেবে তোমাসাৰ বিশ্বাস ভকতি
বাঢ়িবে জানা নিশ্চয়॥
নিৰ্গুণ ভকতি ইহাত থাকিবে
জানা তাক নিষ্ঠ কৰি৷