সমললৈ যাওক

পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/১১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১১৪)

ভকতৰ দুঃখ দেখি মনে কষ্ট
সলোতক ভৈলা হৰি॥
সবাকো সম্বোধি বুলিবে লাগিলা
দয়াশীল কৃপাময়।
কালৰ অধীন যত ভূত প্ৰাণী
কেহোঁ স্বতন্তৰী নয়॥
আকে জানি সবে আমাৰ বচনে
স্থিৰ কৰিয়োক মন।
যিতো মহাজ্ঞান পূৰ্ব্বে আছা পাই
তাক জপা সৰ্ব্বক্ষণ॥
এতেকে ভকতি হৈবে তোমাসাৰ
কহিলোঁহো সাৰেসাৰ।
নামতেসে চিত্ত দিবা সৰ্ব্বক্ষণ ( ১ )
ভকতি হৈবে তোমাৰ॥
প্ৰভুৰ মুখৰ অমৃত সমান
বচন শুনি সকল।
শোক মোহ দূৰ ভৈলা তেতিক্ষণ
সবাৰো চিত্ত নিৰ্ম্মল॥
যেন অন্ধকাৰ কৃষ্ণ ৰজণীৰ
ৰশ্মিয়ে কৰয় দূৰ।
সেহিমতে আৱে প্ৰভুৰ বচন
গুছালা মলি সবাৰ॥
পাছে যে গোসাঁই গোবিন্দক চাই
বুলিলা মধুৰ বাণী।
সাধু সকলক আনা এতিক্ষণ
গোবিন্দে চলিলা জানি॥