পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১১৩ )

তযু উপদেশে  তৰিবো সংসাৰে
হেন আশা আছে মনে।
সকল ভৰষা  চূৰ ভৈলা আজি
বঞ্চিয়া তুৱা চৰণে॥
হে প্ৰাণপতি মোৰ  তুমি নিজ গতি
দূৰ কৰা ইতো শোক।
কাহাত ভৰষা  কৰিয়া বঞ্চিবো
কৈক এৰি যাহা মোক॥
তযু সম আৰু  গুণৱন্ত স্বামী
কোন জন্মে পাইবো আৰ।
এহি বুলি শোকে  কান্দিবে লাগিলা
চৰণত পৈষা শিৰ॥
ইহাৰ চৰণে  সেবিবাক পালোঁ
কত জন্মে তপ সাই।
তাক হৰুৱাওঁ  মোহৰ অভাগ্য
বঞ্চিলা মোক গোঁসাই॥
এহি বুলি সন্ত  উদাৰ মহন্ত
তাহান গুণ সুমৰি।
গোবিন্দক আদি  কৰি ভক্ত গণে
বিনাৱে চৰণে পৰি॥
হে নাথ স্বামী  তযু ভৃত্য আমি
পঙ্কজ পদে তোমাৰ।
জন্মে জন্মে গুৰু  ভক্ত কল্পতৰু
তুমিসে হৈবা আমাৰ॥
বুলিয়া সকলে  শোকত ব্যাকুল
কান্দে চৰণত পৰি।

১৫