পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/১১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১১২ )

নমো নমো হৰি গুৰু কৃপাৰস সিন্ধু।
দৰিদ্ৰ দায়ক দীন দুঃখিতৰ বন্ধু॥
জন্মে জন্মে তোমাৰ দাসৰ হওঁ দাস।
এহি কৃপা কৰা মোক নকৰা নৈৰাশ॥
হৰি হেন নাম নচাৰোক সুখে দুখে।
শঙ্কটত তুৱা নাম আসোক মোৰ মুখে॥
এহি বৰ মাগোঁ প্ৰভু তুমি পূৰ্ণ কাম।
জানি নৰলোক সদা ঘুষিয়োক ৰাম॥

দুলড়ি।

অনন্তৰে আসি বৎসৰ যে সাত
কুৰি যে প্ৰভুৰ ভৈলা।
ভকতিৰ পন্থ বিদিত কৰিয়া
অনেক লোক তাৰিলা॥
সেহি সময়ত  প্ৰভুৰ আগত
আকাশি বচন ভৈলা।
পূৰ্ব্বত ৰামৰ  আগে কাল আসি
যি সব কাহিনি কৈলা॥
শুনি দেৱ হৰি মনে ৰঙ্গ কৰি
বৈকুণ্ঠে যাইবাৰ মন।
ইঙ্গিত আকাৰে জানিলা উদাৰে
মোক বঞ্চে নাৰায়ণ॥
শোকৰ বেগত কান্দিবে লাগিলা
দুয়ো চৰণত পৰি।
পুত্ৰ ভাৰ্য্যা এৰি ভৈলোঁ তযু দাস
মোক এৰা কেন কৰি॥