পাছে জগন্নাথক যে মেধি পাতি থৈলা । বৈণাকুছিক যােৱা বুলি কাদেশ কৰিলা । বানেশ্বৰ উদাৰ প্ৰভুৰ লগে বৈলা । নিগুণ ভকতি দুইকো কলে কহিলা বৰতাতি আদি কৰি বাৰ বৰ তাতি । তাসক থৈলা বহৰীত মেথি পাতি । ‘থানেশ্বৰ নিগতি শুনা মহা মতি। এহি চাৰিজন কোন কহিরাে সম্প্রতি উদাৰে বােলয় শুনিয়ােক মন কৰি। এহি চাৰি পাৰিষদ জনা নিষ্ঠ কৰি নন্দে আসি যদুমণি জানা সমুদায়। হৰিচৰণ সুনন্দ যে কহিলে বুজাই । পুষ্পদন্তে নাৰায়ণ জানা তাক অতি । জয়দন্তে জগন্নাথ কহিলোঁ। সম্প্রতি ॥ চাৰি পাৰিষদ আসি প্ৰভুৰ লগত। ঠাই ঠাই ধৰ্ম্ম পাতি থৈলা হষিত। যদুমণি আছিলন্ত সৌমাৰ দেশত। হৰিচৰণ দেৱক যে জানিবা হাজোত । নাৰায়ণ দেৱৰ জন্ম শান্তি যে পুৰত । দ্বিজ জগন্নাথ জন্মে চেঙদি গ্ৰামত । এহি চাৰি পাৰিষদ প্ৰভুৰ লগত । ধৰ্ম্ম পন্থ দেখুৱাই থৈলা পৃথিবীত। ওনা সভাসদ পদ চৰিত্ৰ গুৰুৰ। কৰ্ণৰ অমৃত মাক জানা নিৰন্তৰ । সমস্ত কাৰ্য্যত জানা গুৰু সাত আগ। যেন জানি আৰু ভজিয়ে মহাভাগ।
পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/১১৫
অৱয়ব