পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(৪)

 খৃঃ ১২২৯ পৰা ১৩৭৬ লৈকে কেইবা জনও আহোম ৰজাই সৌমাৰত ৰাজত্ব কৰে। আহোম ৰজা চুখাংফা ১২৯৩ শকত ৰজা হয়। এই জনা স্বৰ্গদেৱে কমতাপুৰৰ বিখ্যাত নীলধ্বজ ৰজাক যুদ্ধত ঘটাই তেওঁৰ ৰজনী নামে জীয়েকক বিয়া কৰাই শেণবংশীয় ৰজাৰে সৈতে মিতিৰ পাতিছিল। খৃঃ ১৩৭৬ ৰ পৰা খৃঃ ১৩৯৮ লৈকে অহম ৰাজ্য অৰাজক অৱস্থাত থাকে। খৃঃ ১৩৯৮ চনত চুডাংফা বা বামুণী কোৱঁৰ অহম ৰাজপাটত বহি অমহ ৰাজ্যত বামুণৰ প্ৰতিপত্তিৰ বীজ ৰোপণ কৰে। খৃঃ ১৪০৭ ৰ পৰা খৃঃ ১৪২২ লৈকে সৌমাৰত চুডাংফা ৰাজত্ব কৰে। খৃঃ ১৪২২ৰ পৰা খৃঃ ১৪৪৯ লৈকে চুফাকফাৰ ৰাজত্ব। এওঁৰ পিছত পুতেক চুচেনফা খৃঃ ১৪৩৯ চনত পিতৃসিংহাসনত উঠে। এওঁৰ দিনত ‘টঙচু’ নগাৰে সৈতে এখন ঘোৰতৰ যুদ্ধ লাগিছিল। চুচেনফাৰ পিছত তেওঁৰ পুত্ৰ চুহানফা কোৱঁৰ খৃঃ ১৪৮৮ চনত ৰজা হয়। এওঁৰ ৰাজত্ব কালত কোছৰজা বিশ্বসিংহই অহম ৰাজ্য আক্ৰমণ কৰে। ইয়াৰ পিছত আকৌ ‘টিঙচু’ নগাৰে সৈতে যুদ্ধ লাগে।

 সেনবংশীয় ৰজাৰ ৰাজত্বৰ পিছত কামৰূপত ছুটীয়া, কছাৰি, কোচ, অহোম প্ৰতৃতি অন্য ধৰ্ম্মাবলম্বী ৰজাই ৰাজত্ব কৰে। ৰাজ্যত বহুত অৰাজকতা হোৱাত এক ওপৰোক্ত নানাজাতীয় বিধৰ্ম্মাৱলম্বী ৰজাৰ আক্ৰমণৰ হেচাত কোচ খাই আসামৰ সৰল গুপ্তভাবৰ ৰৈদিকধৰ্ম্ম নিস্তেজ হৈ ভোগী প্ৰভৃতি তান্ত্ৰিক সকলৰ সত্যাচাৰ, নৰবলী প্ৰভৃতি নৃশংস কাণ্ডত উপনীত হৈছিল।

 বামানয় ধৰ্ম্মৰ ঘোৰ তামসিকতাত মানুহে প্ৰকৃত ধৰ্ম্মপথ