পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(৩)

 খৃঃ ৬৪০ কুমাৰ ভাস্কৰ বৰ্ম্মা কামৰূপত ৰাজত্ব কৰে৷ এই সময়ত এই ৰাজ্যৰ মানুহবিলাকৰ ভাষা আৰু ধৰ্ম্ম আন আন ৰাজ্যৰ ভাষা আৰু ধৰ্মৰ পৰা তেনেই পৃথক আছিল। ভাস্কৰ বৰ্ম্মা জাতিত ব্ৰাহ্মণ আহিল। তাহানি কামৰূপ অধিবাসী পূজা-সেৱাত বৰ অনুৰক্ত আছিল। বৌদ্ধ ধৰ্ম্ম নেমানিছিল। তেওঁলোকৰ ঈশ্বৰ ভক্তি বৰ সৰল আৰু গুপ্তভাৱৰ আছিল। খৃঃ ১০০০ ৰ পৰা খৃ ১২০ লৈকে কামৰূপ পালবংশী ৰজাৰ শাসনত আছিল। এই সময়ৰ ভিতৰত ইয়াৰ অধিবাসীৰ ধৰ্ম্মভাব আগৰ দৰে সৰল আৰু উদাৰ আছিল।

 সেনবংশীয় ৰজাৰ ৰাজত্বৰ সময় (খৃঃ ১২০৪ খৃঃ ১৪৯৮) এই সময়ৰ ভিতৰত মুছলমানবিলাকে তিনি চাৰিবাৰ কামৰূপ আক্ৰমণ কৰে। এই সময়তে আকৌ চুকাফা নামেৰে এজন প্ৰৱল প্ৰতাপী আহোম ৰজাই খৃঃ ১২২৯ শকত পাতকাই পৰ্ব্বতেদি সৌমাৰত (বৰ্তমান তেজপুৰ মহকুমাৰ ভৰালী নৈৰ পৰা লক্ষীমপুৰ জিলাৰ দিকৰাই নৈৰ মাজত থকা ভূভাগ) উপস্থিত হয়হি।

 বিভিন্ন ধৰ্ম্মপন্থি পৰাক্ৰমী শত্ৰুৰ আক্ৰমণত ( ১১৪২ৰ পৰা খৃঃ ১২০৮ লৈকে কামৰূপৰ ভিতৰুৱা অৱস্থাৰ বিষয়ে বিশেষ জনা নেযায়। ইয়াৰ পিছত কোছ, ছুটীয়া, কছাৰী অহম বংশীয় অনাৰ্য্য ৰজাবিলাকে বহু শতাব্দী ধৰি কামৰূপত ৰাজত্ব কৰে। এইবিলাক অনাৰ্য্য ৰজাৰ শাসনত আসামত ধৰ্ম্মভাবৰ বহুত পৰিবৰ্ত্তন ঘটিছিল। এই বিলাক ম্লেছবংশীয় ৰজাৰ তলত পবিত্ৰ বৈদিক ধৰ্ম্ম প্ৰায় লুপ্ত হৈ আহিছিল।