পৃষ্ঠা:শ্ৰীশ্ৰী শঙ্কৰদেৱ.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শ্ৰীশ্ৰীশঙ্কৰ দেৱ৷
 


হয়, পাপীতাপীৰ হিয়া শাঁত পৰে, ভাগৰুৱাৰ ভাগৰ পলায়, সন্তাপীয়ে সান্ত্বনা লভে ; তেনেস্থলত তেনেজন মহাত্মাৰ জীৱনৰ নিচেই চমু আলােচনায়ো যে পাঠক-পাঠিকা ও শ্ৰোতাৰ মন, প্রাণ আৰু শৰীৰত সঞ্জীবনী শক্তিৰ স্পন্দন তুলিব তাত অকণো সন্দেহ নাই ; আৰু বিশেষকৈ এই অভাজন লিখকে মহাপুৰুষৰ গুণাৱলীৰ যৎকিঞ্চিৎ সভক্তিৰে কীৰ্ত্তন কৰি নিজকে নিজে ধন্য মানিব। হে সুধীবৃন্দ! গুণৰনিধি শ্ৰীমন্ত শঙ্কৰৰ চমু গুণ কীৰ্ত্তনত কিবা দোষাদোষ হলে নিজগুণে মাৰ্জনা কৰিব।

 শ্ৰীমন্ত শঙ্কৰ অসমৰ বিখ্যাত বাৰভূঞাসকলৰ ভিতৰত শিৰোমণি ভূঞা চণ্ডীবৰৰ নাতিৰ নাতি আছিল। প্রবাদ আছে যে বাৰভূঞা সকল কমতাৰ ৰজা দুৰ্ল্লভ নাৰায়ণৰ ৰাজত্ব কালত অসমলৈ আহে আৰু বিশেষ প্রতিপত্তিৰে প্ৰভুত্ব চলাই বসতি কৰিবলৈ ধৰে। চণ্ডীবৰ তেওঁলােকৰ ভিতৰত শ্ৰেষ্ঠ৷ তেওঁ বৰ ধৰ্ম্মপৰায়ণ, জ্ঞানী, পৰাক্ৰমী আৰু বিচক্ষণ বুদ্ধিৰ পণ্ডিত আছিল। তেওঁক তৰ্কত পৰাস্ত কৰিব পৰা পণ্ডিত তেতিয়াৰ দিনত কোনো ওলােৱা নাছিল। নিজৰ বিদ্যাবুদ্ধি আৰু অমায়িকতাৰ বলত চণ্ডীবৰ ৰজাৰ প্ৰিয়পাত্ৰ হৈ উঠিছিল