পৃষ্ঠা:শ্ৰীশ্ৰী শঙ্কৰদেৱ.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শ্ৰীশ্ৰীশঙ্কৰ দেৱ
 


—ইয়াকে মানি সংসাৰ সুখত জলাঞ্জলি দি ধৰ্ম্মৰ নামত চিৰকুমাৰ-ব্ৰত অৱলম্বন কৰিছিল আৰু

জগহন তাৰণ দেৱ-নাৰায়ণ
 শঙ্কৰ তাকেৰি অংশ॥

—এই দৃঢ়বিশ্বাস সাৰোগত কৰি যাক ঈশ্বৰ কৃষ্ণৰ অৱতাৰ বুলি লােক সমাজত প্ৰচাৰ কৰি গৈছে, যিজন অৱতাৰ পুৰুষ অসমীয়া সাহিত্য, সমাজ, ৰীতি-নীতি, গীত-নাট আদিৰ আদিগুৰু আৰু শুদ্ধ সৎ উদাৰ মহাপুৰুষীয়া বৈষ্ণব- ধর্ম্মপ্রবর্ত্তক, যাৰ সুকীৰ্ত্তিৰাশি গোটেই অসমৰ শৰতৰ পূর্ণচন্দ্ৰৰ দৰে জিলিকি আছে আৰু যাবচ্চন্দ্ৰদিবাকৰ থাকিব, যিজনৰ বৃহৎ জীৱনী অসমৰ পৰ্ব্বতে-কন্দৰে, গিৰি-গুহায়, হাবিয়ে-বননিয়ে, গাঁৱে-ভূঞেঁ সকলােতে অবিচ্ছিন্নভাৱে বিয়পি আছে, সেইজন ঈশ্বৰ পুৰুষৰ জীৱনী আলােচনা কৰিবলৈ যােৱাটো বিড়ম্বন মাথোন। কবিৰ ভাষাত

তােমাৰ জীৱনী দেৱ! লিখে এনে সাধ্য কাৰ—
গােটেই অসম ভূমি বিস্তৃত জীৱনী যাৰ।

এনেজন মহাপুৰুষৰ নাম ললেই হতাশ প্ৰাণত আশাৰ সঞ্চাৰ