পৃষ্ঠা:শ্ৰীশ্ৰী শঙ্কৰদেৱ.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শ্ৰীশ্ৰীশঙ্কৰ দেৱ৷
 


আৰু ৰজাৰ পৰা দেৱানৰ কাৰ্য্য চলােৱাৰ ভাৰো পাইছিল। বাৰভূঞা সকল আদিৰে পৰা শক্তিৰ উপাসক আছিল। দেবীৰ প্ৰতিমা প্রতিষ্ঠা কৰি পূজাৰ ছলেৰে দেবীৰ উদ্দেশ্যে হাঁহ পাৰ ম’হ ছাগল আদি বলি দিবলৈও অলপাে কুণ্ঠিত নহৈছিলঃ— অৱশ্যে তেওঁলােক এই আসুৰিক প্ৰথা চিৰদিনলৈ নিগাজী হব নৌপাওঁতেই কুলশ্রেষ্ঠ অৱতাৰ পুৰুষৰ হাতত নিৰ্ম্মূল হ’ব লগীয়াত পৰিছিল আৰু হৈছিল। ভূঞাশ্রেষ্ঠ চণ্ডীবৰৰ সকলো সজগুণৰ কলি শ্ৰীমন্ত শঙ্কৰৰ গাত ষোলকলাই প্ৰস্ফুটিত হৈছিল। কিন্তু জীৱহিংসাৰ দ্বাৰা কৰা পূজাৰ বিধানে শঙ্কৰৰ অন্তৰত অলপো ঠাই লব নােৱাৰিলে। কেবা পুৰুষৰে পৰা চলি অহা দেবীপূজা বিশেষকৈ বলিবিধান শ্ৰীশঙ্কৰৰ হাতত অকল ভূঞাসকলৰ মাজৰ পৰাই নহয় প্রায় গােটেই অসমদেশৰ পৰাই লােপ পালে।

 শ্ৰীশঙ্কৰৰ জন্ম হয় ১৪৪৯ খৃষ্টাব্দৰ আহিন মাহৰ আঁউসী তিথিত। তেওঁৰ ভূমিষ্ঠ হােৱাৰ তিনি দিনৰ দিনা মাক সত্যসন্ধাই প্ৰসূতা ৰোগত প্ৰাণ এৰে। তেতিয়াৰে পৰা শঙ্কৰ বুঢ়ীমাক খেৰসূতীৰ লালনপালনত ডাঙৰ দীঘল হব