পৃষ্ঠা:শ্ৰীশ্ৰী শঙ্কৰদেৱ.djvu/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৩
শ্ৰী শ্ৰীশঙ্কৰদেৱ৷
 


শঙ্কৰে গাৰো, মিৰি, ভোট, যৱনাদিৰ মাজতো ধৰ্ম্মপ্রচাৰ কৰিছিল; কানি ভাং মদখােৱা মহাপুৰুষীয়াক দণ্ড বিহিবলৈ মেধি মহন্তক পৰামৰ্শ দিছিল, আৰু সকলােকে ‘ভাই! মুখে বােলা ৰাম’ বুলি মন্ত্ৰ দিছিল।

 শঙ্কৰৰ প্রধান উদ্দেশ্য আৰু জীৱনব্যাপী সাধনা আছিল সমস্ত ভাৰততে এক উদাৰ ধৰ্ম্মৰ প্ৰৱৰ্ত্তন আৰু প্ৰচাৰ, গোটেই ভাৰততে এটা সার্ব্বজনীন ভাষাৰ প্ৰচলন, আৰু এই দুয়ােটাৰে মিলন স্বৰূপে দেশজুৰি এটা মহান জাতি সংগঠন কৰাটো। শঙ্কৰে তেওঁৰ মহান উদেশ্য সাধিবৰ ইচ্ছাৰে দুবাৰো দেশ ভ্রমণ কৰিছিল; ভাৰতৰ বহুতাে ভাষাৰ সংমিশ্ৰণ কৰি সকলােৱে বুজিব পৰাকৈ গীতনাটাদি লিখিছিল, আৰু সকলো জাতিৰ নানান লােকক লগ লগাই এটা সুন্দৰ সমাজৰ সৃষ্টি কৰিছিল। শঙ্কৰে তেওঁ মহান উদ্দেশ্যৰ বহুল প্ৰচাৰ আৰু পৰিপােষকতাৰ বাবে এটা চিৰকুমাৰ ব্ৰতত ব্ৰতী দল সংগ্রহ কৰিছিল; সিহঁতক তেওঁৰ উদ্দেশ্য ভালকৈ বুজাই দিছিল; ধৰ্ম্ম-কৰ্ম্ম শাস্ত্ৰাদিৰ বিষয়ে সুন্দৰ শিক্ষা দিছিল; নৰ-নাৰায়ণৰ সেৱাৰ প্ৰয়োজনীয়তা বুজাই সেই ব্ৰতত ব্ৰতী হৈ মানবী জীৱন সাৰ্থক