পৃষ্ঠা:শ্ৰীশ্ৰী শঙ্কৰদেৱ.djvu/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শ্ৰী শ্ৰীশঙ্কৰ দেৱ৷
৪২
 


কৰিছে ; — অসমৰ হাবিয়ে-বননিয়ে, পৰ্ব্বতে-কন্দৰে শঙ্কৰৰ মূর্ত্তিমান মধুৰ স্মৃতি বিৰাজ কৰিছে। অসমীয়াৰ ঘৰে ঘৰে কৰণিত শঙ্কৰৰ কীৰ্ত্তনে পূজাভাগ পাব ধৰিছে; প্রত্যেক গুণগ্ৰাহী অসমীয়াই শঙ্কৰৰ নামত নতশিৰ হৈ ভক্তিভৰে শঙ্কৰৰ মহিমা কীৰ্ত্তন কৰি নিজক ধন্য মানিছে। অসমীয়াই বিশেষকৈ মহাপুৰুষীয়া সম্প্রদায়ে আজিও শঙ্কৰক ঈশ্বৰ কৃষ্ণৰ অৱতাৰ বুলি অহৰহ সভক্তিৰে পূজিব ধৰিছে। আজি অসমীয়াই উচ্চ কণ্ঠে গাইছে—

কৃষ্ণ সূৰ্য্য ভৈলা আসি কলিত উদিত।
জগতত নাম ধৰ্ম্ম কৰিলা বিদিত॥

  ইশ্বৰ পুৰুষ শঙ্কৰে শুদ্ধ সনাতন ভাগৱতী ধৰ্ম্ম প্ৰচাৰ কৰিলে। সংসাৰযাত্ৰীৰ আত্মাৰ তৰণৰ সেতু বান্ধিলে। এই ধৰ্ম্মৰ বিশেষত্ব এই যে ই অতি উদাৰ আৰু সার্ব্বজনীন। সকলােৱে সকলো অৱস্থাতে থাকি এই ধৰ্ম্ম মানি চলিব পাৰে। জাতি-বৰ্ণ নিৰ্বিশেষে সকলাে প্রাণীৰে এই ধৰ্ম্মত সমান অধিকাৰ আছে। অস্পৃশ্যতা বৰ্জ্জন, মাদকতা নিবাৰণ আৰু সাৰ্ব্বজনীন ভাতৃভাব মহাপুৰুষীয়া ধৰ্ম্মৰ প্ৰধান অঙ্গ৷ সেই দেখিয়েই