পৃষ্ঠা:শ্ৰীশ্ৰী শঙ্কৰদেৱ.djvu/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শ্ৰী শ্ৰীশঙ্কৰদেৱ৷
৪৪
 


কৰিবলৈ আদেশ দিছিল। সেই দলটোৱে শঙ্কৰৰ মতত দীক্ষিত হৈ একমাত্র কৃষ্ণত শৰণ লৈছিল আৰু আন দেৱদেৱীক নামানি কেৱল কৃষ্লণদেৱক ভজিছিল; সেই দেখিয়েই পিছত গৈ তেওঁলােক ’কেৱলীয়া’ নামে জনাজাত হৈছিল। পিছে কালৰ কুটিলা গতি। কেৱলীয়াই অৱতাৰ পুৰুষৰ শিক্ষা-দীক্ষা পাহৰিলে —নিজৰ কৰ্ত্তব্য জ্ঞানো হেৰুৱালে। আজিৰ কেৱলীয়া সকলৰ শতকৰা নিৰান্নব্বৈ জনেই পতিত—উদেশ্যবিহীন। কিন্তু শঙ্কৰে তেওঁৰ মহান উদ্দেশ্যেৰ বীজ অতি সাৰুৱা আৰু উচ্চ ভেটিত পঁচাই গৈছে; ই কোনো কালে নষ্ট পাবলগীয়া নহয়। এতিয়া অসমীয়াৰ প্ৰধান কৰ্ত্তব্য মহাপুৰুষে পচোঁৱা বীজক অংকুৰিত কৰাই নহয় বৃহৎ গছ কৰি তুলি ফলে-ফুলে ডালে-পাতে জকমকীয়া কৰাটো৷

“ নিৰঞ্জন নিৰাকাৰ নিৰ্ব্বিকাৰ হৰি।
নিত্যানন্দ নিৰাময় লৈয়ো দাস কৰি॥’’

⸻⸻