পৃষ্ঠা:শ্ৰীশ্ৰী শঙ্কৰদেৱ.djvu/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩১
শ্ৰী শ্ৰীশঙ্কৰ দেৱ৷
 


কৰে। এইবাৰৰ যাত্ৰাত তেওঁ য’তে ত’তে তেওঁৰ প্রচলিত ধৰ্ম্মসম্বন্ধে আলােচনা কৰি ফুৰিছিল আৰু যাতে তেওঁৰ মত দেশব্যাপী প্রচাৰিত হয় তাৰ বাবে তেওঁ প্রায় গােটেই ভাৰতৰ তীৰ্থবােৰকে দর্শন কৰি ঘূৰিছিল। তেওঁৰ ধৰ্ম্মমত যাতে সকলো ঠাইৰ সকলো মানুহে সহজে হৃদয়ঙ্গম কৰি লব পাৰে তাৰ বাবে শঙ্কৰদেৱে বিশেষ যত্ন লৈছিল আৰু সেই উপলক্ষে প্রায় গােটেই ভাৰতৰ সকলো ভাষাৰ সামঞ্জস্য ৰাখি এক মিহলি অথচ শুৱলা সুৱদী ভাষাৰ গীত মাত ৰচি প্ৰচাৰ কৰিছিল। সেই দেখিয়েই আজি আমাৰ বঙালী ভায়াসকলে শঙ্কৰৰ ৰচনাক বাঙালী লিখকৰ লিখা আৰু শঙ্কৰক বঙালী বুলি কবলৈ অলপো কুণ্ঠিত হোৱা নাই। বঙ্গদেশৰ নিচিনাকৈ শঙ্কৰৰ ৰচনাৱলী আৰু ধৰ্ম্মমত পশ্চিমৰ ফালে প্ৰচাৰ হ’লে যে আমাৰ পচিমীয়া ভায়াসকলেও শঙ্কৰক পচিমীয়া বুলি নকব তাত অকণো সন্দেহ নাই। ইয়াতেই শঙ্কৰৰ মহানুদৰ্শিতাৰ পৰিচয় পােৱা যায়।

 শ্ৰীশঙ্কৰদেৱ অসমাীয়া সাহিত্যৰ পিতৃস্বৰূপ৷ তেওঁ ৩৫ খনমান ধৰ্ম্মপিথি লিখে আৰু বহু গীত ভটিমা আদি ৰচনা