পৃষ্ঠা:শ্ৰীশ্ৰী শঙ্কৰদেৱ.djvu/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
শ্ৰী শ্ৰীশঙ্কৰ দেৱ৷
৩০
 

সকলোৱে বহি নানান কথা পাতে, দুখৰ সুখৰ আলাপ কৰে, কীর্ত্তন-ভাগৱত পঢ়িশুনি শান্তি লভে, সমাজৰ হিতকথাৰ আলোচনা কৰে। দুখৰ বিষয় বর্ত্তমান কালত কীৰ্ত্তনঘৰবােৰৰ অৱস্থা তেনেই কাহিল। সমাজৰ বান্ধ সােলােকা ; আলােচনৰ বিষয় ঘিণলগা; হাঁহি ধেমালিৰ সমল ঠাট্টা বিদ্রূপ ; কাজিয়াদিৰ বিচাৰত ন্যায়ৰ নামত ভীষণ অন্যায়; ধর্ম্মকৰ্ম্মৰ ঠাই অধিকাৰ কৰিলে সংকীর্ণ কুলাভিমানে; নৰনাৰায়ণৰ সেৱাৰ ঠাই ললে ‘কুবুধি’ মতে। এইদৰে সকলো প্ৰকাৰে নামঘৰবােৰৰ অতীত গৌৰব বিস্মৃত হোৱাৰ অলেখ প্রমাণ পােৱা যায়। আজি সত্ৰাদিৰ পুনৰ সংস্কাৰ নিতান্ত আৱশ্যকীয় হৈ উঠিছে। এই সত্ৰ আদিৰ সময় উপযোগী সংস্কাৰ যিমান সোনকালে হৈ উঠে অসমীয়া জাতিৰ জাতীয় উন্নতিও সিমান সােনকালে হোৱাতো অৱশ্যম্ভাবী। অসমীয়াই সদায় মনত ৰখা উচিত যে তেওঁলোকৰ গাৱঁলীয়া সত্ৰ নামঘৰ আদিয়েই অসমীয়াৰ সৰ্ব্বাঙ্গ সুন্দৰ উন্নতিৰ মূল ভেঁটি।

 শ্ৰীশঙ্কৰদেৱে মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্ম্মৰ বীজ সিঁচি তাৰ বহুল প্ৰচাৰ আৰু পোষাকতাৰ বাবে দ্বিতীয়বাৰ তীৰ্থভ্ৰমণ