পৃষ্ঠা:শ্ৰীশ্ৰী শঙ্কৰদেৱ.djvu/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শ্ৰী শ্ৰীশঙ্কৰ দেৱ৷
৩২
 

কৰে৷ কীৰ্ত্তনঘোষাত থকা ঘোষাৰ সৃষ্টিকৰ্ত্তা শঙ্কৰেই৷ পৃথিৱীৰ কোনো ধৰ্ম্মশাস্ত্ৰতে এনে ওখ ধৰণৰ তাৎপৰ্য্য আৰু সুন্দৰ অৰ্থ থকা শুৱলা কথা আছে বুলি আমাৰ বিশ্বাস নহয়৷ তদুপৰি ভাষাৰ প্ৰাঞ্জলতা, ছন্দৰ ঝঙ্কাৰ, সুৰৰ লালিত্য, ভাবৰ মাধুৰ্য্য, ভক্তিৰ অচলতা, চিত্তৰ দৃঢ়তা, চিন্তাৰ উচ্চতা আদিৰ সমষ্টিৰে শঙ্কৰদেৱৰ কীৰ্ত্তন ৰচিত৷ ৰুক্মিণীহৰণ নাটক শ্ৰী শঙ্কৰৰচিত গদ্যপুথি৷ এই গদ্য নাটকৰ ৰচনা কালত সভ্য জগতৰ কোনো জাতিৰ ভাষাত তেনে উচ্চ ধৰণৰ গদ্যপুথি নাছিল বুলি কলেও অলপো অত্যুক্তি কৰা নহয়৷ এক প্ৰকাৰে ক’বলৈ গলে ৰুক্মিণীহৰণেই সভ্য জগতৰ সৰ্ব্বপ্ৰথম গদ্যপুথি৷

 শঙ্কৰদেৱ অসমীয়া নাট-ভাৱনাৰ আদি গুৰু । তেওঁ তীৰ্থ-ভ্ৰমণত নানাঠাইত নানাৰকমৰ ভাও-ভঙ্গী, নাচ-বাগ, বাদ্য-যন্ত্ৰাদি দেখি-শুনি অসমত সিবোৰৰ সৃষ্টি কৰে৷ ভাৱনাবোৰত তেওঁ নিজে ভাৱৰীয়া সাজি নাচিছিল; নানা অঙ্গী-ভঙ্গীৰে মানুহৰ মন প্ৰাণ মুগ্ধ কৰিছিল; শঙ্কৰৰ ভাওনা চাবলৈ হাজাৰ হাজাৰ মানুহ গোঠ খাইছিল৷ এই দৰ্শকবৃন্দৰ মাজত অসংখ্য ল’ৰা-ছোৱালী আছিল৷ শঙ্কৰে বিৰাট সমাজখনক নিতাল মৰাবলৈ