পৃষ্ঠা:শ্ৰীশ্ৰী শঙ্কৰদেৱ.djvu/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শ্ৰী শ্ৰীশঙ্কৰদেৱ৷
২৬
 


অজ্ঞানী অজাতি পাপী কৃষ্ণক ভজোক মাত্ৰ
 তাৰাে হৈবে পৰম মহত॥

 * * * *

পৰম নিৰ্ম্মল ধৰ্ম্ম  হৰিনাম কীৰ্ত্তনত
 সমস্ত প্ৰাণীৰ অধিকাৰ৷
এতেকেসে হৰিনাম  সমস্ত ধৰ্ম্মৰ ৰাজা
 এহি সাৰ শাস্ত্ৰৰ বিচাৰ॥
হৰিনাম কীৰ্ত্তনত  নাহি দেশ কাল পাত্ৰ
 নিয়ম সংযম একো বিধি৷
হৰিত শৰণ লৈয়া  কেবলে হৰিৰ নাম
 কীৰ্ত্তন কৰন্তে হোৱে সিদ্ধি॥

 * * * *

আকৌ—

নাহি ভকতি জাতি অজাতি বিচাৰ৷
কৃষ্ণত ভকতি সমস্তৰে অধিকাৰ॥— ৰত্নাৱলী৷
গাৰো ভোট যৱনে হৰিনাম লয়৷
হেনয় হৰিনাম দুৰ্জ্জনে নিন্দয়॥