পৃষ্ঠা:শ্ৰীশ্ৰী শঙ্কৰদেৱ.djvu/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৭
শ্ৰী শ্ৰীশঙ্কৰদেৱ৷
 

 ওপৰত তুলি দিয়া কথাবিলাকৰ পৰা সুন্দৰকৈ বুজা যায় যে শঙ্কৰৰ প্রবর্ত্তিত আৰু প্ৰচাৰিত ধৰ্ম্মত জাতি-বৰ্ণৰ ভেদ নাই— সকলাে জাতিৰে সমান অধিকাৰ আছে। এই ধৰ্ম্মত দেশ-কাল-পাত্র আদি নিয়ম সংযমৰো কোনো বিধি নাই। একান্তমনে হৰিত শৰণ লৈ শুদ্ধভাৱে হৰিনাম গালেই সৰ্ব্বপ্ৰকাৰ সিদ্ধি লভা যায়।

 শঙ্কৰদেৱৰ প্ৰচাৰিত মহাপুৰুষীয়া ধৰ্ম্মৰ বৰ্ত্তমান অৱস্থাত যিদৰে জাতিভেদ আদি দেখা যায় ই সম্পূর্ণৰূপে মহাপুৰুষৰ মতৰ বাহিৰ। জাতি-বর্ণনির্ব্বিশেষে উপযুক্ত পাত্ৰক শ্ৰীশঙ্কৰদেৱে ধৰ্ম্মৰাজ্যত কেনে উচ্চ আসন দিছিল তাৰ প্ৰমাণ স্বৰূপে কেইটিমান মহাপুৰুষীয় পন্থাৰ ডাঙৰ ভকতৰ নাম উল্লেখ কৰিলোঁ—

ব্রাহ্মণ—কেশৱ চৰণ আতৈ, গােপীনাথ আতৈ, বাসুদেৱ আতৈ, পৰমানন্দ ভাগৱতী ইত্যাদি।

কায়স্থ—হৰিচৰণ আতৈ, কমললোচন আতৈ, মূৰাৰি আতৈ ইত্যাদি৷

গাৰো— গোবিন্দ আতৈ৷