পৃষ্ঠা:শ্ৰীশ্ৰী শঙ্কৰদেৱ.djvu/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৫
শ্ৰী শ্ৰীশঙ্কৰদেৱ৷
 

প্ৰথমে প্ৰণামো ব্ৰহ্মৰূপী সনাতন৷
সৰ্ব্ব অৱতাৰৰ কাৰণ নাৰায়ণ॥

 শ্ৰীশঙ্কৰৰ মতে হৰিনাম কীর্ত্তনত দেশ-কাল, জাতি-অজাতি, পাত্র-অপাত্র কোনাে বিচাৰ নাই। যেই-সেই লােকে যেই-সেই ঠাইতে আৰু যিকোনো অৱস্থাত হৰিনাম কীৰ্ত্তন কৰিব পাৰে আৰু নাম-মাহাত্ম্যৰ অধিকাৰীও হব পাৰে। শঙ্কৰৰ মতে —

যিটো মহা ম্লেছজাতি  সিও শুদ্ধ হােৱে আতি
 মুখে মাত্ৰ হৰিনাম লয়।

 * * * *

জানিলোঁ ব্রাহ্মণ জন্ম হুইবেক নালগে তাৰ
 যিটো কৃষ্ণ কথাত ৰসিক।
যৈতে তৈতে হউক জন্ম সি সি জন সর্ব্বোত্তম
 যাৰ শ্ৰদ্ধা হৰি ভকতিত॥

 * * * *

জাতি কুলাচাৰ ধৰ্ম্মে কোন কাৰ্য্য সাধিবেক
 জ্ঞান কোন কাৰ্য্যত শকত৷