পৃষ্ঠা:শ্ৰীশ্ৰী শঙ্কৰদেৱ.djvu/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শ্ৰী শ্ৰীশঙ্কৰদেৱ৷
২৪
 

পাপসংহাৰক হৰিনাম মহাবলী৷
যাৰ ধ্বনি শুনি কম্পি যায় পাপকলি॥

 নামৰ কি অদ্ভূত মহীয়সী শক্তি! যি মুক্তি লাভৰ কাৰণে নৰনাৰীয়ে কত দুখ, কত দুর্গতি ভোগিব লগাত পৰে সেই মুক্তিয়েও নামৰ গুণত নৰনাৰীৰ পিছে পিছে ফুৰে। নামৰ মহিমা ঘোষি শঙ্কৰদেৱে জগতত প্ৰচাৰিলে “একশৰণ ধৰ্ম্ম’’৷ তেওঁৰ মন্ত্ৰ হ’ল, —

এক দেৱ  এক সেৱ
 এক বিনে নাই কেৱ৷

 ঈশ্বৰ বিষ্ণু তৰুমূল আৰু আন আন দেবদেবীবিলাক তাৰ ডাল পাত স্বৰূপ। গছৰ ডাল পাতত পানী নিদি যেনেকৈ গুৰিত দিলেহে পানী গুণ দিয়ে সেইদৰে আন দেৱদেৱীক নভজি একমাত্র ঈশ্বৰ কৃষ্ণত শৰণ ললেহে গুণ হয়৷ যি কৃষ্ণ ব্ৰহ্মৰূপী সনাতন তেৱেঁই সৃষ্টি-স্থিতি-প্ৰলয়ৰ কাৰণ, তেৱেঁই সকলো অৱতাৰৰ আদি পুৰুষ; তাকে লৈ শঙ্কৰে কীৰ্ত্তনৰ আদিতে লিখিছে, —