পৃষ্ঠা:শ্ৰীশ্ৰী শঙ্কৰদেৱ.djvu/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৩
শ্ৰী শ্ৰীশঙ্কৰদেৱ৷
 

অনুপম নাম ৰসামৃত পান কৰি ভক্তসকল আনন্দত অধীৰ হ’ল, স্বৰ্গৰ প্ৰেম-মন্দাকিনীৰ ভক্তিৰসামৃত ঘৰতে বহি পান কৰিবলৈ পাই ধন্য মানিলে আৰু সবেও নাচি নাচি মুক্তকণ্ঠে গালে—

বৈকুণ্ঠ প্রকাশে হৰিনাম ৰসে
 প্রেম অমৃতৰ নদী।
শ্ৰীমন্ত শঙ্কৰে  পাৰ ভাঙি দিলা
 বহে ব্ৰহ্মাণ্ড ভেদি।

আকৌ —

আদি সত্যযুগে শুদ্ধধৰ্ম্ম আছিলেক মাত্ৰ হৰিনাম
 দেৱ সকলে গুপ্ত কৰিলে কৰি কপট।
হেন হৰিনাম ব্যক্ত কৰি সমস্ত লােকক উদ্ধাৰিলা
 শ্ৰীমন্ত শঙ্কৰে ভাঙ্গিলা সবাৰো কপট॥

 নামকীৰ্ত্তনৰ মহিমা বৰ্ণাই শ্ৰীশঙ্কৰে লিখিছে, —

যিটো জনে যায় মাধবৰ নাম ধৰি।
পাছে পাছে ফুরে দেবদেবী স্তুতি কৰি॥
মূৰ্ত্তিমন্ত হুয়া পাঞ্চ প্ৰকাৰ মুকুতি৷
মোক লোৱা বাপ বুলি কৰয় কাকূতি॥