পৃষ্ঠা:শ্ৰীশ্ৰী শঙ্কৰদেৱ.djvu/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শ্ৰী শ্ৰীশঙ্কৰ দেৱ৷
২০
 

ঈশ্বৰলাভ তৰ্ক কিম্বা পাণ্ডিত্যৰ দ্বাৰা নহয়, কেৱল একাত্ম ভক্তিৰ দ্বাৰাহে ঈশ্বৰক পাব পাৰি৷ শঙ্কৰে আৰু বুজিলে যে ঈশ্বৰ কৃষ্ণ শ্ৰী বিষ্ণুৰূপে সবাৰো হিয়াত বিৰাজি আছে। তেওঁৰ বাহিৰে সংসাৰযাত্ৰীৰ আৰু দ্বিতীয় ঈশ্বৰ কিম্বা আৰাধ্য দেৱতা আন কোনো হব নোৱাৰে। তেতিয়াৰে পৰা শঙ্কৰে লােকক বুজাব ধৰিলে —

যাৰ ইচ্ছা মােক্ষ পাইবে  নালাগে দূৰক যাইবে
 আছা হৰি সবাৰে হিয়াত।

তীৰ্থভ্ৰমণ, মূৰ্ত্তিপূজা, যাগযজ্ঞ, তন্ত্ৰমন্ত্ৰাদি যে ঈশ্বৰৰ কৃপালাভ কৰিবলৈ অলপাে প্রয়োজনীয় নহয় আৰু সবাতােকৈ যে একমাত্র হৰিনাম কীৰ্ত্তনেই শ্ৰেষ্ঠ সেই বিষয়ে শঙ্কৰে মানুহক শিকালে —

মন্ত্ৰ তন্ত্ৰ যজ্ঞ যত   তপ তীৰ্থ কোটি শত
 হৰিনাম অধিক সবাতে৷
কিনো ভাগ্য কিনো ভাগ্য  হেন হৰি নাম লাগ
 পাইলে লোক মুকুতি সাক্ষাতে॥