পৃষ্ঠা:শ্ৰীশ্ৰী শঙ্কৰদেৱ.djvu/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১
শ্ৰী শ্ৰীশঙ্কৰদেৱ৷
 


 আকৌ—

তীর্থ বুলি কৰে জলত শুদ্ধি।
প্ৰতিমাত কৰে দেৱতা বুদ্ধি।
বৈষ্ণৱত নাই ইসব মতি।
গৰুত অধম কৃষ্ণ বদতি।

 পূজা সেৱা তীর্থ আদি এৰি অন্তৰত ঈশ্বৰক থাপনা কৰি লৈ শুদ্ধমনে আৰু ভক্তিভাবে একমাত্র হৰিনাম শ্ৰবণ-কীর্ত্তন কৰিলেই মানুহে সংসাৰৰ জ্বালা, যন্ত্রণা, নিকাৰ আদিৰ পৰা মােক্ষলাভ কৰিব পাৰে, এই বিশ্বাসতে শঙ্কৰে লোকক বুজালে —

ভাই মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ।
এতেকে মুকুতি পাইবা কহিলোঁ স্বৰূপ॥

 ঈশ্বৰৰ স্বৰূপ কি, ক’ত থাকে, কেনেকৈ থাকে ইত্যাদি ঈশ্বৰ সম্বন্ধে শঙ্কৰৰ এতিয়া সকলো সন্দেহ দূৰ হ’ল। তেওঁ বুজিলে, ভগৱান একমাত্ৰ মনুষ্য শৰীৰতে থকা নাই— বিশ্বনিয়ন্তা শ্ৰীহৰি পৰম বিষ্ণুৰূপে সকলোতে বিৰাজি আছে —