পৃষ্ঠা:শ্ৰীশ্ৰী শঙ্কৰদেৱ.djvu/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৯
শ্ৰী শ্ৰীশঙ্কৰ দেৱ৷
 

ৰৈ গ’ল। শঙ্কৰে নীৰলে নীৰব মনে সভক্তি অন্তৰেৰে ভগবানৰ আৰাধনাত মনপ্রাণ নিয়ােগ কৰিলে। একান্ত ভকতৰ কাতৰ প্ৰাৰ্থনাত ভক্তপ্রাণ ভগৱন্তৰ অন্তৰত গুৰুৰ প্রতি কৰুণা জন্মিল ; শঙ্খ-চক্ৰ-গদা-পদ্মধাৰী নাৰায়ণ শঙ্কৰৰ হৃদি মন্দিৰত পৰমাত্মা পৰমচৈতন্য স্বৰূপে পূর্ণ-প্ৰতিভাৰে বিকশিত হ’ল। নিৰাশাৰ প্ৰলয়মেঘত আশাৰ বিজুলীয়ে বিজুলীয়ালে। তাৰ কিৰণত ঈশজ্ঞানৰ দিব্যজ্যোতি শঙ্কৰৰ প্রত্যেক অঙ্গ-প্রত্যঙ্গতে প্রতিভাত হ’ল। শঙ্কৰৰ গােটেই শৰীৰ পুলকত শিয়ৰি উঠিল; মুখত বিশ্ববিমােহন মধুৰ হাঁহি সুনীল আকাশৰ পুৱতি তৰাৰ দৰে শােভা পালে, দুয়াে চকুৱেদি দুধাৰি ভক্তি-অশ্ৰুৰ শীতল সোঁত বব ধৰিলে; কৰযোৰে প্ৰণতিপূর্ব্বক গদগদস্বৰে শঙ্কৰে গালে —

বান্ধব কৃষ্ণ এ বিচাৰি ফুৰোঁ তোক।
হিয়াৰ মাজত লুকাই আছা দেখা নেদা মােক॥

 বহু যত্ন আৰু বহু অন্বেষণৰ ফলত শঙ্কৰৰ অভীষ্ট সিদ্ধি হ’ল— শঙ্কৰে প্ৰকৃত ঈশ্বৰজ্ঞান লভিলে৷ তেওঁ বুজিলে