পৃষ্ঠা:শ্ৰীশ্ৰী শঙ্কৰদেৱ.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শ্ৰী শ্ৰীশঙ্কৰ দেৱ৷
১৮
 


আৰু ব্যাখ্যা কৰোঁতে সাধু-সন্ন্যাসী আদি অনেক পণ্ডিত লগত তৰ্ক কৰিব লগাত পৰিছিল; কিন্তু শঙ্কৰৰ বিচক্ষণ পাণ্ডিত্যৰ আগত সকলােৱে হাৰ মানিছিল আৰু শঙ্কৰক ভক্তিভাৱে শ্ৰদ্ধা জনাইছিল। এইদৰে শঙ্কৰে যেই সেই তীৰ্থতে সাধু পণ্ডিতক জিনি সম্মান সমাদৰ লভি ১২ বছৰ কাল কটালে। এই সময়ৰ ভিতৰত তেওঁ যে অকল পণ্ডিতালি কৰিয়েই ফুৰিছিল তেনে নহয়, জীৱতৰণৰ হেতু বিচাৰ আৰু লগে লগে ঈশ্বৰ অন্বেষণাে কৰিছিল। এই ভ্ৰমণত শঙ্কৰৰ পাণ্ডিত্যৰ সৌৰভ দশোদিশে বিয়পি পৰিল। নানান ঠাইত নানান কথা দেখি শুনি বহু জ্ঞান, বহুদৰ্শিতা আৰু বহু অভিজ্ঞতা লভিলে; কিন্তু ইমানতো শঙ্কৰৰ মন ব্যাকুল, প্রাণত শান্তি নাই; কাৰণ যি ভগবানৰ অন্বেষণত শঙ্কৰে দুখ-ভাগৰ হতাশা-নিৰাশ সকলােলৈকে পিঠি দি সুদীৰ্ঘ বাৰ বছৰ কাল নানা ঠাইত ভ্ৰমি ফুৰিছিল, সেই ভগবানৰ দৰ্শনলাভ তেতিয়ালৈকে শঙ্কৰৰ ভাগ্যত নঘটিল। লাহে লাহে শঙ্কৰৰ প্রাণ আকুল হবলৈ ধৰিলে। ভগৱানৰ দৰ্শনলাভৰ আশা-নিৰাশাৰ দোমোজাত পৰি শঙ্কৰৰ দুয়ো চকুৱেদি দুধাৰি তপত চকুলো