পৃষ্ঠা:শ্ৰীশ্ৰী শঙ্কৰদেৱ.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭
শ্ৰী শ্ৰীশঙ্কৰ দেৱ
 


অৱস্থাতেই শঙ্কৰে এই তীর্থ যাত্ৰা কৰিছিল। আত্মাৰ কল্যাণ সাধন আৰু ইহ পৰকালৰ সমল পুণ্য উপাৰ্জ্জন এই যাত্ৰাৰ ডাঙৰ লক্ষ্য আছিল। এইবাৰৰ ভ্ৰমণত শঙ্কৰে গঙ্গা, গয়া, কাশী, পুৰী আদি উত্তৰ-ভাৰতৰ প্রায় আটাইবােৰ প্রধান প্রধান তীর্থদৰ্শননকাৰ্য্য দানপুণ্যাদি কৰি ইহপৰকালৰ কাৰণে আত্মাৰ কল্যাণ সাধনই যত্নতৎপৰ আছিল। প্রত্যেক তীৰ্থতে নিজৰ অগাধ বিদ্যা আৰু বিচক্ষণ বুদ্ধিৰ বলত তীৰ্থৰ উপযােগীকৈ ৰচনা কৰা গীত, স্তোত্র, ভটিমা আদিৰে ঈশ্বৰ উপাসনা কৰিছিল; দেৱদেৱীৰ মূৰ্ত্তিৰ আগত পৰি নিজৰ ৰচিত স্ত্ৰোত্ৰ গাই সাষ্টাঙ্গে প্রণিপাত কৰিছিল; কিন্তু দেৱীৰ আগত জীৱবলি দিয়া প্ৰথাটো শঙ্কৰে সমূলি ভাল নেপাইছিল; সেইদেখি তেওঁ দেৱীৰ পূজা উপাসনা নিজেও এৰিলে আৰু আনকো এৰুৱাবৰ কাৰণে অহো পুৰুষাৰ্থ কৰিব ধৰিলে। তেওঁৰ এই চেষ্টাৰ ফলত নৰবলিতো উঠিলেই আনকি, অনেক ঠাইৰপৰা আন আন জীৱবলিও উঠি গ’ল। সেই সময়ত ভাৰতৰ বহুত জীৱবলিৰ প্ৰথা প্ৰচুৰ পৰিমাণে চলিছিল; সেই কাৰণে প্ৰায় সকলো তীৰ্থতে শঙ্কৰে শাস্ত্ৰালাপ আৰু শাস্ত্ৰকথা বিচাৰ