পৃষ্ঠা:শ্ৰীশ্ৰী শঙ্কৰদেৱ.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শ্ৰী শ্ৰীশঙ্কৰ দেৱ৷
১৬
 


নাছিল। শঙ্কৰদেৱ সাংসাৰিক ধৰ্ম্মত থাকিও সাংসাৰ-বৈৰাগী আছিল, বিষয়ত থাকিও ইন্দ্ৰিয়ৰ গােচৰ অতীত আছিল। দান পুণ্য আদি সজকামত শঙ্কৰদেৱ সদায় আগুৱান হৈ চলিছিল।

  শঙ্কৰদেৱ এজন সিদ্ধ যােগী পুৰুষো আছিল। যোগসাধনাত তেওঁ সিদ্ধহস্ত হৈছিল। এই সাধনাৰ বলতে শঙ্কৰে বহুতো অলৌকিক ভঙ্গী দেখুৱাব পাৰিছিল ; সময়ত পিণ্ডাকাৰ ধাৰণ আৰু পিছ মূহুৰ্ত্ততে বৃহৎ আকাৰ লব পাৰিছিল; ভালেমান পৰলৈ বায়ুৰ চলাচল বন্ধ কৰি বায়ুস্তম্ভন কৰিব পাৰিছিল । যোগাসনত শূন্যত উঠিব পাৰিছিল; সোঁহাতৰ বুঢ়া আঙ্গুলীত ভৰদি তলমূৰ কৰি সমস্ত শৰীৰ শূন্যত ৰাখিব পাৰিছিল৷ এই যোগসাধনাৰ বলতে শঙ্কৰে শৰীৰ মন আৰু প্ৰাণত অসীম শক্তিৰ সঞ্চাৰ কৰিছিল৷

 শঙ্কৰদেৱে দুবাৰ তীর্থভ্ৰমণ কৰিছিল: প্ৰথমবাৰ হৈছিল তেওঁৰ জীৱনৰ আগছোৱাতে। সেই সময়ত তেওঁ পিতৃ-পিতামহৰ দিনৰে পৰা চলি অহা দেৱীৰ পূজা সেৱা একেবাৰে এৰি দিয়া নাছিল —অৱশ্যে নানাশাস্ত্ৰ অধ্যয়নৰ গুণত দেৱদেৱীৰ পূজা সেৱাৰ প্ৰতি শ্ৰদ্ধা বহুত কমিছিল। মূৰ্ত্তি পূজাত বিশ্বাস থকা