পৃষ্ঠা:শ্ৰীশ্ৰী শঙ্কৰদেৱ.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫
শ্ৰীশ্ৰীশঙ্কৰ দেৱ৷
 


একোজনৰগাত সাধাৰণ তৰপৰ ছয় কি সাত মুনিহৰ জোৰ আছিল। কিন্তু শঙ্কৰৰ হাতত সিহঁত তেনেই নিশকতীয়া হৈ পৰিছিল। ইয়াৰে পৰা বুজা যায় শঙ্কৰৰ শৰীৰ কেনে সুস্থ আৰু সবল আছিল। শঙ্কৰৰ শৰীৰ আৰু মন দুয়ােটাৰে সুস্থতাৰ গুণত তেওঁৰ গাত মনুষ্যত্বৰ পূর্ণবিকাশ হৈছিল। সেই দেখিয়েই শঙ্কৰে অনেক বাধাবিঘ্নিৰ মাজতো নানান কাম কৰি সুদীর্ঘ কুৰি বছৰকাল স্বাস্থ্যবান হৈ পৰমানন্দে জীৱন নিয়াব পাৰিছিল।

 শঙ্কৰদেৱ এজন আদর্শ গৃহস্থী আছিল; কিন্তু তেওঁ সংসাৰ-জীৱনত থাকিও বিষয়ত তেনেই নির্লিপ্ত আছিল। লােভ-মোহ আদি ছয়ৰিপুৱে সাংসাৰিক লােকক বশ কৰি লৈ বিষয়-বাসনাৰ কৰাল গ্রাসত জুৰুলা-জুপুৰা কৰে, সেই ৰিপুবােৰক শঙ্কৰদেৱে আত্মবশত ৰাখি বিষয়ভোগত জলাঞ্জলি দিছিল, আৰু সেই বলত বলীয়ান হৈ অশেষ অসাধাৰণ কাম সুচাৰুৰূপে সমাধা কৰিছিল৷ শঙ্কৰদেৱে দুজনা তিৰুতা বিয়া কৰাইছিল৷ তেওঁ তিনিজন ল’ৰা আৰু দিজনী ছোৱালীৰ জন্মদাতা আছিল৷ তথাপি ইমানতো তেওঁৰ মন সংসাৰ ভোগত আসক্ত