পৃষ্ঠা:শ্ৰীশ্ৰী শঙ্কৰদেৱ.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শ্ৰীশ্ৰীশঙ্কৰ দেৱ
১২
 


 নৰনাৰায়ণ ৰজাৰ ৰাজকবি ৺ ভূষণ দ্বিজ কবিয়ে শ্ৰীশঙ্কৰদেৱৰ ৰূপ এইদৰে বৰ্ণাইছে—

ৰাতুল অধৰ শােভে সুঠান সর্ব্বাঙ্গ।
পৰম সুন্দৰ সব শৰীৰ গৌৰাঙ্গ॥

  •  * * * *

শ্ৰীমন্ত শঙ্কৰ  গৌৰ কলেৱৰে
 চন্দ্ৰ যেন আভাস।
বৃহস্পতি সম  পণ্ডিত উত্তম
 যেন সুৰ পৰকাশ॥
ছত্ৰাকৃত মাথা  শোভে কেশ তাত
 কপোল সুসম আতি৷
নাসিকা সুন্দৰ ৰাতুল অধৰ
 দশন মুকুতা পাতি॥
পদ্ম পুষ্প সম ৰঞ্জন প্ৰকাশে
 সুন্দৰ ঈষত হাসি৷
গম্ভীৰ বচন মধু যেন শ্ৰবে
 নয়ন পঙ্কজ পাসি॥