সমললৈ যাওক

পৃষ্ঠা:শ্ৰীশ্ৰী শঙ্কৰদেৱ.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩
শ্ৰীশ্ৰীশঙ্কৰ দেৱ
 

 * * * *

মহাবলী ধীৰ  যৌৱন শৰীৰ
 ৰূপে নোহে কেহো সৰি।
শঙ্কৰৰ নাম  কেহো নকাঢ়য়
 বোলে সবে ডেকাগিৰি।

 শঙ্কৰদেৱ যেনে শুৱনি পুৰুষ তেওঁৰ গাত তেনে বৰ বলো আছিল। এদিনাখন তেওঁ কমলিধৰা পৰমানন্দ আতৈৰে সৈতে বাটেদি যাওঁতে এটা দুর্দ্দান্ত ষাঁড়ে বনৰ পৰা ওলাই আহি শঙ্কৰদেৱক খুচিবৰ মনেৰে তেওঁৰ পিনে ফেৰ পাতি আগবাঢ়ি আহিছিল । এই ষাঁড়টোৱে অনেক সময়ত বাটৰুৱাক ভীষণৰূপে আক্রমণ কৰি বহুতক লটিঘটি কৰিছিল; কিন্তু ইবেলি সি শঙ্কৰৰ হাতত পৰি মৰাৰ দৰে হৈ কোনােমতে প্ৰাণ বচাই পলাই সাৰিল। শঙ্কৰে শিঙত ধৰি আছাৰ মাৰি তাক ভালকৈ থেকেছিলে। সিদিনালৈ প্ৰাণলৈ পলাই সি শঙ্কৰৰ নাম শুনিলেই চকু কাণ চিপি বনৰফালে উলটি লৰ দিয়ে। তেতিয়াৰে পৰা বাটৰুৱা সকলেও নিৰ্ভয়ে যাতায়াত কৰিব ধৰিলে৷ সকলোৱে