পৃষ্ঠা:শ্ৰীশ্ৰী শঙ্কৰদেৱ.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১
শ্ৰীশ্ৰীশঙ্কৰ দেৱ৷
 


আয়ত কমল  নয়ন বৰ সুন্দৰ
 বয়ন চান্দকহো জ্যোতি।
লীলা গজগতি  গমন বিলােকন
 বাণী মেঘ গম্ভীৰ।
পাষণ্ড মর্দ্দন  কলিকো কালে
 সাকো সম নাহি ধীৰ॥ — মাধবদেৱ৷

 শঙ্কৰদেৱ কেনে সুপুৰুষ আছিল তাক বৰ্ণনা কৰি দৈত্যাৰি ঠাকুৰে লিখিছে—

দেখিতে সুন্দৰ গৌৰ কলেবৰ।
কৰন্ত প্রকাশ অতি সূৰ্য্য সম সৰ॥
ৰূপ দেখি কন্দৰ্পৰো দৰ্প হোৱে ছন্ন৷
সৰ্ব্বজন ৰঞ্জি থাকে মধুৰ বচন॥
গমন গম্ভীৰ নেত্ৰ কমলৰ পাসি৷
চন্দ্ৰসম বদন প্ৰকাশে অল্প হাসি॥
সুবোধ সুথিৰ ধীৰ গম্ভীৰ সাগৰ৷
প্ৰীতি বাঢ়ি যায় তান্ত সমস্ত লোকৰ॥