পৃষ্ঠা:শ্ৰীশ্ৰী শঙ্কৰদেৱ.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শ্ৰীশ্ৰীশঙ্কৰ দেৱ৷
১০
 


ভিতৰতে শঙ্কৰদেৱে বহু শাস্ত্ৰ অধ্যয়ন কৰি জ্ঞানমার্গ মােকোলাই ললে। এই বিদ্যাৰ বলেৰে তেওঁ দশম পুৰাণ ভাগৱতাদি না শাস্ত্ৰ পুঙ্খানুপুঙ্খৰূপে পঢ়ি সাৰ সংগ্ৰহ কৰিলে; অসমত পৱিত্র বৈষ্ণৱধৰ্ম্ম প্ৰৱৰ্ত্তন আৰু প্ৰচাৰ কৰিলে; ল’ৰা-তিৰুতা, কণা-কুঁজা আটায়ে সহজে বুজিব পৰাকৈ কীৰ্ত্তন দশমাদি লিখি অসমীয়া সাহিত্যৰ ওখ ভেটি স্থাপন কৰিলে।

 শঙ্কৰদেৱৰ বুদ্ধি যেনে চোকা তেওঁ দেখিবলৈও তেনে সুন্দৰ সুঠাম আছিল। মূৰত ঢেকীয়াথুৰীয়া দীঘল চুলি, মুখত স্নিগ্ধ মধুৰ হাঁহি, গৌৰবৰ্ণৰ ডাঙৰ দীঘল সৌম্য সুন্দৰ মূৰ্ত্তি। শঙ্কৰদেৱৰ দিব্যমূৰ্ত্তিয়ে দৰ্শক সকলৰ মনত অপাৰ আনন্দ দিছিল, হতাশ প্রাণত আশাৰ সঞ্চাৰ কৰিছিল। শঙ্কৰৰ মূৰ্ত্তি —

দৰশিত সুন্দৰ গৌৰ কলেবৰ
 যৈছন সুৰ পৰকাশ৷
সকল সভাসদ  ৰঞ্জন যাকেৰি
 দৰশনে পাপ বিনাশ॥
বিনে জন্মভূষণ  পেখি সুশোভন
 গহীন গম্ভীৰ ধীৰমতি৷