পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯৭
৺শঙ্কৰদেৱ।

মাতৃক দেখিয়া তথা পৰম হৰিষ ভৈলা
 নমস্কাৰ কৰিলা সাদৰি।
দুয়ো হাত মেলি ধৰি গলত সাবটি মাতৃ
 কান্দিলন্ত মক মক কৰি॥৩৯০
ৰামদাসো ওলাই আসি নমস্কাৰ কৰিলন্ত
 মাধৱে ধৰিলা আশ্বাসিয়া।
মাধৱৰ ভগিনীয়ে নমস্কাৰ কৰিলন্ত
 আনন্দে নধৰে তান হিয়া।
আসনত বলিন্ত সবে কথা কহিলন্ত
 যেন মতে গৈলা বলুকাক।
পিতৃ মাতৃ জ্ঞাতি যত কুশলে আছন্ত তৈত
 আসিলোঁ তোক দেখিবাক॥৩৯১
সাদৰিলা বন্ধুগণে মাধৱে আনন্দ মনে
 কতোদিন আছা মহাসুখে।
ভকতি ৰহস্য পথ  আমাৰ চৰিত্ৰ যত
 শুনিলন্ত ৰামদাস মুখে॥
শৰত কালত দেবী  দুৰ্গা পূজা নকৰিয়া
 মোৰ পাশে চলিয়া গৈলন্ত।
নানা শাস্ত্ৰ বখানিয়া পূজা কৰ্ম্ম ৰাখিবাক
 মোৰ লগে বাদ কৰিলন্ত॥৩৯২