পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯৬
৺শঙ্কৰদেৱ।

তোমাৰ লগত মঞি   নেদেখোঁহো মাধৱক
 কোন থানে ৰহিয়া আছন্ত।
যি মতে তোমাৰ সঙ্গ   পাইলা পূৰ্ব্বাপৰে তান
 কহিয়োক সকলে বৃত্তান্ত॥
শ্ৰীমন্ত শঙ্কৰে পাচে   সিদ্ধান্ত দিলন্ত মাতি
 নাৰায়ণ শুনিয়োক কথা।
প্ৰতাপ ৰাই মাৰি নিল দক্ষিণ কূলৰ লোক
 নভৈলেক কোননো অৱস্থা॥ ৩৮৮
মাধৱৰ মাতৃ তেহো   জমাইৰ ঘৰতে ৰৈলা
 উজায়া গৈলন্ত পূৰ্ব্ব দিশ।
পিতা পুত্ৰ দুয়োজনে   বলুকাক লাগি নিল
 কাকো কেৱে নপাইল উদিশ॥
মাধৱৰ শ্ৰেষ্ঠ ভাই   দামোদৰ নাম তান
 বলুকা বিলাইত লিখিলন্ত।
তাহান উকিল হুয়া   মাধৱে লিখিলা তৈত
 কিছোমান বিত্ত কৰিলন্ত॥ ৩৮৯
মনে খেদ কৰি পাচে   মাতৃক দেখিবে প্ৰতি
 ব্ৰহ্মপুত্ৰে আসিলা উজাই।
লোকত সোধন্ত গৈয়া   ৰামদাস ভকতৰ
 অনন্তৰে ঘৰ পাইলা যাই॥