পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯৮
৺শঙ্কৰদেৱ।

তিনি প্ৰহৰেক মানে   বাদকক্ষা কৰিলন্ত
 নানা শাস্ত্ৰ শ্লোকচয় তুলি।
শুনা নাৰায়ণ পাচে এক শ্লোক তুলিলোঁহো
 নপাইলন্ত উত্তৰ সমূলি॥
নমস্কাৰ কৰি পাচে   নাৰায়ণে পুছিলন্ত
 বাপ ইয়ো কথা কহিয়োক।
কোন শ্লোক তুলিলাহা   কহিয়োক বাপ তুমি
 ভৃত্য বুলি দায়া থাকে মোক॥ ৩৯৩
শ্ৰীমন্ত শঙ্কৰে পাচে   হাঁসিয়া বোলন্ত মাতি
 শুনা নাৰায়ণ মহাশয়।
বৃক্ষ মূলে জল দিলে   ডাল পত্ৰ পুষ্প ফল
 সমস্তৰে তৃপিতি হোৱয়॥
প্ৰাণৰ ভোজনে যেন   ইন্দ্ৰিয়ৰ তৃপ্তি হয়
 কৃষ্ণক পূজনে দেবগণ।
সবাৰে তৃপিতি হয়   অন্যথা পূজিলে তুষ্ট
 এহ কৈলোঁ শাস্ত্ৰৰ বচন॥ ৩৯৪
এহি কথা সত্য মানি   কৃষ্ণত শৰণ লৈলা
 নিৰ্ব্বিষয় হুয়া শুদ্ধমন।
প্ৰাণ মাধৱ বুলিই   বুকত বান্ধিয়া লৈলোঁ
 পৰম সন্তোষ ভৈল মন॥