পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯৫
৺শঙ্কৰদেৱ।

তেবেসে কৃপাল সিদ্ধি হোৱে মনকাম।
কহে দ্বিজ ভূষণে ঘুষিয়ো ৰাম ৰাম॥ ৩৮৫

−:✾:−

পুছিলন্ত নাৰায়ণে   শঙ্কৰে হৰিষ মনে
 কহিল পূৰ্ব্বৰ যত কথা।
পণ্ডিত সকলে যেনে   বাদকক্ষা কৰিলন্ত
 ভকতিৰ যি ভৈলা বেৱস্থা॥
সবে সমজ্যাক গৈলা   ভকতি প্ৰকাশ ভৈলা
 কৃষ্ণক জানিলা সবে নৰ।
ৰবাব বাদ্যত গীত   গাৱন্ত সুস্বৰ কৰি
 এক মহা ব্ৰাহ্মণ ভাস্কৰ॥ ৩৮৬
মোৰ কৃত্য গীত গাই   বিপ্ৰৰ ভুলিল মন
 কৃষ্ণত শৰণ আসি লৈলা।
আমাত বিদাই কৰি   কৃষ্ণক হিয়াত ধৰি
 জগন্নাথ ক্ষেত্ৰে চলি গৈলা॥
ভাঙ্কৰে এড়িয়া গৈলে   বৰ দুখ পাইলোঁ মনে
 মাধৱে প্ৰবেশ দিলা মোক।
হেন শুনি নাৰায়ণে   প্ৰণামি বোলন্ত বাপ
 মাধৱৰ কথা কহিয়োক॥ ৩৮৭