পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯১
৺শঙ্কৰদেৱ।

নাৰায়ণ আগে কথা কহন্ত শঙ্কৰ।
কৃষ্ণ পণ্ডিতৰ পুত্ৰ ভৈলা জাগেশ্বৰ॥ ৩৬৫
জাগেশ্বৰ পুত্ৰ ভৈলা নৰোত্তম নাম।
তাহান তনয় মৃত্যুঞ্জয় অনুপাম॥
চতুৰ্ভুজ নাম ভৈলা তাহান তনয়।
তান পুত্ৰ ৰাম ৰাম গুৰু মহাশয়॥ ৩৬৬
আমাৰ লগতে আসি আছা মহাশয়।
কৃষ্ণৰ চৰণে একান্তে ভকতি কৰয়॥
নাহিকে ভকত আৰ ৰাম ৰাম সৰি।
ৰাম কীৰ্ত্তনত ৰতি মহা প্ৰেমধাৰী॥ ৩৬৭
যি কথা পুছিলা সবে কহিলোঁ তোমাত।
শুনি নাৰায়ণে কৰিলন্ত প্ৰণিপাত॥
নমস্কাৰ কৰি পুনু কথাক পুছিলা।
কি কাৰণে বাপ ইটো ৰাজ্যক আসিলা॥ ৩৬৮
আমাক কৃপায়ে জানো আসিলা আপুনি।
শঙ্কৰে সিদ্ধান্ত পাচে দিলা মনে গুণি॥
বাৰ্হভূঞা আছে লণ্ডাদেৱ মুখ্য কৰি।
অনুক্ৰমে ভুঞ্জে কামৰূপ বসুন্ধৰী॥ ৩৬৯
গোড়েশ্বৰ পাশে খাটে ভূঞা নিৰন্তৰ।
বিশ্বসিংহ নামে পাচে ভৈলা নৰেশ্বৰ॥