পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯০
৺শঙ্কৰদেৱ।

তেম্বৱনি বন্ধে বৰদোৱা গ্ৰামে যাই।
ৰহিলন্ত তথা আনন্দৰ সীমা নাই॥ ৩৬০
তাহান তনয় পাচে ভৈলা ৰাজধৰ।
যাৰ যশে খ্যাতি ভৈলা কায়স্থ বংশৰ॥
ৰাজধৰ তনয় ভৈলন্ত চাৰিজন।
সূৰ্য্যবৰ হলায় জয়ন্ত শোভন॥ ৩৬১
মাধৱে সহিতে চাৰি ভাই সহোদৰ।
চাৰিৰ মধ্যত জ্যেষ্ঠ নাম সূৰ্য্যবৰ॥
ৰতিকান্ত দলৈ ভৈলা পুত্ৰ মাধৱৰ।
শুনা নাৰায়ণ বংশাৱলী জয়ন্তৰ॥ ৩৬২
জয়ন্তৰ পুত্ৰ সতানন্দ শুভানয়।
ভৈলন্ত জগতানন্দ তাহান তনয়॥
আসামৰ ৰাজা ৰাম ৰায় নাম দিলা।
আমাৰে লগতে ইটো ৰাজ্যক আসিলা॥ ৩৬৩
সূৰ্য্যবৰৰ পুত্ৰ পাচে কুসুম ভৈলন্ত।
ধনে ধান্যে সবাতে অধিক মান্যৱন্ত॥
শিৰোমণি ভূঞা ভৈলা ভূঞাৰ উপৰি।
আমাৰ হোৱন্ত পিতা জানা নিষ্ট কৰি॥ ৩৮৪
পুছিলন্ত নাৰায়ণে কৰি প্ৰণিপাত।
কৃষ্ণ পণ্ডিতৰ বংশ কহিয়ো আমাত॥