পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯২
৺শঙ্কৰদেৱ।

মহেশ্বৰ বংশে ৰাজা ভৈলা চিকিনাত।
আপুনি বৰিল আসি প্ৰজা অসংখ্যাত॥ ৩৭০
বাউসীয়া ৰায়কে গন্ধৰ্ব্ব ৰাই বোলে।
বিশ্বসিংহে তাকে বশ্য কৰিলেক বলে॥
ঢকুৰাৰ ৱাৰু চাউৰ খাণ্ডা চমৎকাৰ।
আপুনি বৰয় যুদ্ধ কৰি পৰিহাৰ॥ ৩৭১
শীৰিৰামখাঁকো ছলযুদ্ধে জিনিলেক।
আনো ভূঞা সমস্তকো বশ্য কৰিলেক॥
প্ৰতাপ ৰাই গাভুৰ্খা মহাভয় ভৈলা।
দক্ষিণকূলে সজল গ্ৰামে পক্ষই ৰৈলা॥ ৩৭২
যত লোক পাইলা লগে লৈলেক কোবাই।
গোড়েশ্বৰ পাশে দুয়ো মিলিলেক যাই॥
ৰাজা গোড়েশ্বৰে পাট ৰখিয়া দিলন্ত।
বৈৰী মাৰিবাক প্ৰতি পশ্চিমে গৈলন্ত॥ ৩৭৩
শূন্য পাট দেখি গোৰ মাৰিলেক যাই।
ভয়ে কামৰূপে দুয়ো আসিল পলাই॥
প্ৰতাপ ৰাই বোলে যাঞা আসামৰ ৰাজ।
গাভুৰ্খা বোলন্ত খুড়া তৈতো নাহি কাজ॥ ৩৭৪
বিশ্বসিংহ পুত্ৰ আছা নৰনাৰায়ণ।
তাহান্তে ভেটিবোঁ কৈলোঁ স্বৰূপ বচন॥