পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৯
৺শঙ্কৰদেৱ।

দুইকো দুয়ো সম্ভাষিয়া গ্ৰাম পুছিলা।
নামত পতনিপুৰ পণ্ডিতে কহিলা॥ ৩৫৫
হেন শুনি উত্তৰ দিলন্ত চণ্ডিবৰ।
গোগৰিয়া নামে জানা আমাৰ নগৰ॥
হাসিয়া পণ্ডিতে পাচে বুলিলন্ত বাণী।
উত্তম কহিলা তুমি গ্ৰামৰ কাহিনী॥ ৩৫৬
একে গৰু নাম আৰো গৰিয়া অধম।
আমাৰ পতনিপুৰ নগৰী উত্তম॥
চণ্ডিবৰে বোলন্ত অন্নৰ যে পতনি।
গৰুৰ গোবৰে শুদ্ধ কৰে সবে প্ৰাণী॥ ৩৫৭
এহি শুনি সবে লোকে লাগিল হাঁসিত।
সামান্য জোৰাতে তুচ্চ ভৈলন্ত পণ্ডিত॥
দুৰ্লভ নাৰায়ণ মহা হৰিষ লভিলা।
চণ্ডিবৰক দেবিদাস নাম দিইলা॥ ৩৫৮
বহু মান্য কৰি দিলা বস্ত্ৰ অলঙ্কাৰ।
দিলন্ত বিদাই প্ৰশংসিয়া বাৰে বাৰ॥
ধ্যানত আসিয়া দেবী হোৱন্ত সাক্ষাত।
দেবিদাস নাম ভৈলা জগত প্ৰখ্যাত॥ ৩৫৯
ব্ৰহ্মপুত্ৰে উজাই নিজ গ্ৰামক পাইলস্ত।
বন্ধুগণে দেখি মহা হৰিষ ভৈলন্ত॥