পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৬
৺শঙ্কৰদেৱ।

এহি হৌক বুলি পাচে মাতিলা শঙ্কৰ।
জনো নাৰায়ণ তুমি মহা প্ৰিয়তৰ॥ ৩৪০
তাৰা সবে যেন মোৰ তুমিয়ো তেহ্ণয়।
শুনি নাৰায়ণে কৰে আনন্দ হৃদয়॥
পৰম হৰিষ ভৈলা ৰোমাঞ্চিত গাৱ।
প্ৰণাম কৰিলা পৰি শঙ্কৰৰ পাৱ॥ ৩৪১
উঠি কৰজোৰে নাৰায়ণ নিগদতি।
তোমাঠেৰ পূৰ্ব্ব কথা কহিয়ো সম্প্ৰতি॥
বংশাৱলী কথা বাপ কহিয়ো নিশেষ।
আতি পূৰ্ব্বে তোমাঠেৰ কোন ৰাজ্যে দেশ॥ ৩৪২
শুনিবে উৎসুক বাপ কৈয়ো নিৰন্তৰ।
শুনিয়া হৰিষে পাচে বুলিলা শঙ্কৰ॥
পিতামহ বৰ্গে কথা কহিছা সমস্ত।
আতি পূৰ্ব্বে আছিলন্ত কনৌজ পুৰত॥ ৩৪৩
আছন্ত কমতেশ্বৰ কমতা নগৰে।
গোড়েশ্বৰ সমে মিত্ৰৱতি দুহান্তৰ॥
দশ ঘৰ ব্ৰাহ্মণ কায়স্থ দশ ঘৰ।
গোড়েশ্বৰ পাশে খুজিলন্ত কামেশ্বৰ॥ ৩৪৪
শুনি গোড়েশ্বৰ আতি আনন্দ লভিলা।
কায়স্থে ব্ৰাহ্মণে চৈধ্য ঘৰ আনি দিলা॥