পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৭
৺শঙ্কৰদেৱ।

নামে লণ্ডাদেৱ শ্ৰেষ্ঠ ভূঞাতে প্ৰধান।
গোড়েশ্বৰে মাতি তাক দিলা সমিধান॥ ৩৪৫
মিত্ৰৰ কাৰণে দেঞো তোৰাক পঠাই।
বৎসৰ অন্তৰে আসি যাইবা মোৰ ঠাই॥
লণ্ডাদেৱৰ তেহে হোন্ত পুৰোহিত।
লগতে আসিছা নাম কৃষ্ণ যে পণ্ডিত॥ ৩৪৬
কমতেশ্বৰৰ দেখি হৰিষ মিলিলা।
ভাল গ্ৰামে বসিয়োক বুলি পঠাই দিলা॥
বৰ সৰু কতো যে গ্ৰামক এড়াইলা।
লেঙ্গা মাগুৰা গ্ৰামত তথাতে বসিলা॥ ৩৪৭
যাৰ যৈতে মন তৈতে বসিলেক যাই।
পুৰোহিত যজমান ৰৈলা একেঠাই॥
চণ্ডিবৰ নাম তেন্তে লণ্ডাদেৱ সুত।
লগতে আসিছা বৰ পণ্ডিত অদ্ভুত॥ ৩৪৮
ভৈলন্ত প্ৰসিদ্ধ ভূঞা বহু লোকপাল।
লগতে উঠয় যাৰ আশি খান ঢাল॥
ধনুদ্ধৰ পাইক সবে খাটে বহুতৰ।
গোড়েশ্বৰ পাশক নযাই চণ্ডিবৰ॥ ৩৪৯
নযাইবাৰ দেখি গোড়েশ্বৰে ক্ৰোধ কৰি।
মিত্ৰ কৰিবাক ছলে নিলে তাঙ্ক ধৰি॥