পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/৮৭

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৫
৺শঙ্কৰদেৱ।

তাত বিনে আৰ নেদেখোঁহো আৰ জন।
শুনিয়া শঙ্কৰে পাচে বুলিলা বচন॥ ৩৩৫
তুমি যাক ভাল বোলা হৈবে সিটো ভাল।
হঞো দেখাদেখি তাক আনিয়ো সকাল॥
নাৰায়ণে পুছিলন্ত শঙ্কৰ দেৱত।
তোমাঠেৰ ৰাজ্যে আছে কতেক ভকত॥ ৩৩৬
কাৰ কিবা নাম আনি আছা তজু সঙ্গে।
কহিয়োক শুনো বাপ আতি মনৰঙ্গে॥
শঙ্কৰে বোলন্ত শুনা কৰিয়া উৎসব।
ৰাম ৰাম গুৰু আৰো আছন্ত মাধৱ॥ ৩৩৭
বুঢ়া দৈবজ্ঞ আৰো হৰিদাস বনিয়া।
জানিবা নিশ্চয় তাৰা সবে শুদ্ধ হিয়া॥
বহুত দূৰৰো পৰা খেদিয়া আসয়।
সভাত বসিয়া হৰিকথাক শুনয়॥ ৩৩৮
এক দুই সেৰ ৰূপ বয়কো কৰয়।
নপাৰে কৰিতে তভো মনক নিশ্চয়॥
বিশ্বাস কৰিতে নপাৰয় একোজন।
হেন শুনি পাচে মাতিলন্ত নাৰায়ণ॥ ৩৩৯
প্ৰথমে যাহাৰ লেখা দিলা তুমি মোক।
মঞি এক জন বাপ লেখিয়া লৈয়োক॥