পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৪
৺শঙ্কৰদেৱ।

নাৰায়ণে কহিলন্ত চৰণত সেবি।
আছে এক জন জানা পীতাম্বৰ কবি॥ ৩৩০
শঙ্কৰে বোলন্ত কেন কবিতা কৰয়।
গাৱা নাৰায়ণ শুনো গীতৰ অন্বয॥
শুনি নাৰাযণে পাচে সুমৰি মনত।
কবিকৃত গীত গান্ত শঙ্কৰ আগত॥ ৩৩১
বিলাপ কৰিয়া কান্দে দেবী যে ৰূক্মিণী।
কোন অঙ্গে খুন দেখিলা সাৰঙ্গপাণি॥
আৰ গাইবে নেদিলা শঙ্কৰ মহামতি।
জানিলোঁহো নাৰায়ণ সিটো অল্পমতি॥ ৩৩২
গীততে জানিলোঁ কামবশ্য সিটোজন।
আন কোন আছে কহিযোক নাৰায়ণ॥
শুনি নাৰায়ণে পাচে বুলিলা বচন।
আছয় চকিয়া মাঝি নামে একজন॥ ৩৩৩
পানীশালা-অন্নদান লোকক কৰয়।
শঙ্কৰে বোলন্ত ইটো গৃহস্থৰ নয়॥
হেন শুনি পাচে নাৰায়ণে মাতিলন্ত।
বড়নদী পৰা জানে কম পৰ্য্যন্ত॥ ৩৩৪
জয়ন্তি গ্ৰামত আছে মাধৱ বিশেষ।
তোমাঠেক পাইলে তেহোঁ লৈবা উপদেশ॥